বাঁহ গাজ আৰু খেচাৰী মাহৰ খাৰআঞ্জা

যি সকলে এই বাঁহ গাজ আৰু খেচাৰী মাহৰ খাৰআঞ্জা, তেওঁলোকে জানে যে খাবলৈ বহুত ভাল। আজি মাই এই আর্টিকেলটোৰ জড়িয়তে বাঁহ গাজ আৰু খেচাৰী মাহৰ খাৰআঞ্জা কেনেকৈ বনাব লাগে তাৰ বিষয়ে কথা পাতিম আশা কৰোঁ আপোনালোকৰ জানি ভাল লাগিব।

বাঁহ গাজ আৰু খেচাৰী মাহৰ খাৰআঞ্জা বনাবৈ কি কি লাগিব ?

  • ১/ কঁঠাল গুটি বাকলি
  • ২/ বাঁহগাজ
  • ৩/ এচামুচ মান ‘ছ’ডা’
  • ৪/ নিমখ
  • ৫/ মেথি গুটি
  • ৬/ তেজপাত

মাহখিনি কিছুপৰ তিয়াই, ভালকৈ ধুই নিৰহ কৰিব। বাঁহ গাজ এটা নিচেই মিহিকৈ কুটিব। কেইটামান কঁঠাল গুটি বাকলি গুচাই চুৰুকি ল’ব । কেৰাহিত আন্দাজ কৰি পানী দি, কুটি থোৱা বাঁহগাজখিনি আৰু ধুই থোৱা মাহখিনি বহাই দিব। এতোলামান খাৰণী পানী বা এচামুচ মান ‘ছ’ডা’ খাৰ দিব। অলপ কমকৈ নিমখ দিব। জুইকুৰা টানকৈ জ্বলাই দিব। মাহখিনি উতলি আধা সিজা হ’লেই, কঁঠাল গুটিখিনি দি দিব। কঁঠাল গুটি, মাহ, আৰু গাজখিনি ভালকৈ সিজিলে,

আন এখন কেৰাহিত অলপ বেছিকৈ তেল পকাব। তেল পকিলে কেইটামান মেথি গুটি ফুটাব। মেথি ফুটি ক’লা বৰণ ধৰিলে, কেইখিলামান তেজপাত ধুই তেলত দি সিজাই থোৱা খাৰ আঞ্জাখিনি ঢালি দিব। কিছুপৰ উতলাই আঞ্জাখিনি অলপ ঘন হ’লৈ নমাই ঢাকি থ’ব !

বাঁহ গাজৰ খাৰ আঞ্জাত কঁঠাল গুটি দিলে খাবলৈ বৰ ভাল লাগে।

Leave a Comment