জেলেপি খাবলৈ প্রায় সকলোৱে ভাল পায়, কিন্তু আমি ঘৰতে জেলেপি কেনেকৈ বনাব লাগে সেয়া নাজনো। সেই বাবে আজি আমি এই আর্টিকেলটোৰ জৰিয়তে ঘৰতে জেলেপি অতি সহজতে কেনেকৈ বনাব লাগে সেইটো শিকাম আশা কৰোঁ জানিবলৈ পাই আপোনালোকে ভাল পাব –
ঘৰতে জেলেপি বনাবলৈ কি কি লাগিব ?
- চুজি
- আটা
- ময়দা
- চাউলৰ গুড়ি
- মাটি মাহৰ গুড়ি
কেনেকৈ বনাব লাগে ?
আটা বা ময়দাখিনি পানীৰে গুলি, এটা টিনত ৪/৫ দিনমান তিয়াই থ’ব। জহ কালি ২/৩ দিন তিয়াই থ’লেই হ’ব। আটা বা ময়দাখিনি গুলগুলীয়া আৰু টেঙি টেঙি হ’লে ( অর্থাৎ অলপ টেঙা হ’লে ) হাতেৰে ভালকৈ মথিব। ভালকৈ নমথিলে ভাল জেলেপি নহ’ব।
তাৰ পাছত, ঘিঁউ বা তেল পকাই, মথি থোৱা আটা বা ময়দাখিনিৰ অলপ লৈ, নাৰিকলৰ কোটোৰাৰ বিন্ধাইদি, নাইবা ফটাকানিৰ টোপোলাৰ বিন্ধাইদি, জেলেপিৰ আকাৰেৰে বাকি দিব। অলপ ৰঙচুৱা হ’লে, জালিকটা হেঁতাৰে জেলেপিখিনি তুলি আনি বা টুকি আনি, এপগীয়া বা এটাঁৰ চেনিৰ ৰসত কিছুপৰ ডুবাই থ’ব। চেনিৰ ৰস সোমোৱা যেন অনুমান হ’লে, পুনৰ তাৰ পৰা টুকি, আন এঠাইত থৈ দিব।
বিশেষ টিপছ
- জেলেপি কৰিবলৈ তিয়াই থোৱা চুজি, ময়দা বা আটাকে জেলেপিৰ ‘ খামি ’ বোলে। কেইবাদিনো তিৱাই থোৱা চুজি, ময়দা বা আটা মৰি আঠাযুক্ত হয়। চুজি ময়দা বা আটা মৰি আঠা-আঠি হ’লেহে জেলেপি ভাল হয়।
- চুজি, ময়দা, আটা, চাউলৰ গুড়ি ( নিতিওৱাকৈ খুন্দা পিঠাগুড়ি ) আৰু মাটি মাহৰ গুড়ি, এইবোৰৰ যেই-সেই এটাৰেই জেলেপি কৰিব পাৰি। চুজি আৰু ময়দা বা আটা মিহলাই, আটা বা ময়দা আৰু চাউলৰ গুড়ি মিহলাই, নাইবা আটা বা ময়দা আৰু মাটি মাহৰ গুড়ি মিহলাইও জেলেপি কৰিব পাৰি।
লগতে আৰু এনেকুৱা টিপছ সমূহ পাবলৈ আমাৰ ৱেবছাইট AssameseCurry.com ৰ লগত থাকক ।
1 thought on “ঘৰতে জেলেপি বনোৱাৰ উপায়”