ঘৰত বিস্কুট বনোৱাৰ সহজ উপায়

জিৰা আৰু আটা দি বিস্কুটৰ ৰেচিপি। এই বিস্কুট ঘৰতে বনাব পাৰে অতি সহজতে, কি কি লাগিব এই বিস্কুট বনাওতে আৰু কেনেকৈ বনাব লাগে এই বিষয়ে অতি সুন্দৰকৈ আলোচনা কৰা হৈছে, সেই বাবে সম্পূর্ণ পঢ়িব –

জিৰা বিস্কুট বনাবলৈ কি কি লাগিব ?

  • 1. ১০০ গ্রাম মাখন
  • 2. ২০০ গ্রাম আটা
  • 3. ১/২ চা চামুচ নিমখ
  • 4. ১/২ চা চামুচ বেকিং ছোডা
  • 5. ১ টেবিল চামুচ জিৰা
  • 6. ৩ টেবিল চা চামুচ গাখিৰ
  • 7. ১/২ চামুচ বেকিং পাউডাৰ

জিৰা বিস্কুট কেনেকৈ বনাব লাগে ?

প্ৰথমে এটা ডাঙৰ বাটিত আধা কাপ মাখন লৈ ভালদৰে বিট কৰিব। মাখনৰ মসৃণ আৰু ক্ৰীমযুক্ত হোৱালৈকে চলি থাকিব। চালনী লৈ ১/২ কাপ ঘেঁহুৰ আটা, ১/২ চামুচ নিমখ, ১/২ চামুচ বেকিং পাউদাৰ আৰু ১/৪ চামুচ বেকিং ছ’ডা দিব। আটাখিনি ভালদৰে চালনী কৰি ল’ব যাতে গাঁঠি নাথাকে। এতিয়া ১ চামুচ জিৰা দি ভালদৰে মিহলাই লওক। এতিয়া ৩ চামুচ গাখীৰ দি পিঠাগুৰি প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰক। পিঠাগুৰি গুড়ি নকৰিব, মাত্ৰ একেলগে মিহলাই লওক।

পিঠাগুৰিখিনি চিলিণ্ডাৰৰ দৰে আকৃতি দিব। এতিয়া ফ্ৰীজত ৩০ মিনিট ৰাখিব। ডাঠ টুকুৰা কৰি বেকিং ট্ৰেত থৈ দিব। লগতে ওপৰত অলপ জিৰা ছটিয়াই লাহে লাহে টিপি দিব। অভেনটো গৰম কৰি ১৮০ ডিগ্ৰী চেলছিয়াছত ১৫ মিনিট বেক কৰক। শেষত সম্পূৰ্ণ ঠাণ্ডা কৰি এসপ্তাহৰ বাবে জিৰা বিস্কুট উপভোগ কৰক।

Leave a Comment