এনেকৈ ৰান্ধিব ইলিচ মাছৰ আঞ্জা, সোৱাদ দুগুন বাঢ়িব !

মাছ আমাৰ সকলোৰে প্রিয়, মাছ ভাল নাপায় এনেকুৱা মানুহ খুব কমেই আছে । আপুনি যদি মাছ এই পদ্ধতিৰে ৰান্ধিব পাৰে তেনেহলে মাছৰ সোৱাদ দুগুন বাঢ়িব ! আহক তেনেহলে কথা পাতো সেই পদ্ধতিৰ বিষয়ে –

কি কি লাগিব ?

  • ১/ ইলিচ আধা কিলো
  • ২/ আলুগুটি ৮/৯ টা মান
  • ৩/ সৰিয়হ এমুঠি
  • ৪/ পিঁয়াজ ৮/৯ মান
  • ৫/ আদা আতুল
  • ৬/ জলকীয়া ৪/৫ টা
  • ৭/ ইলাচি ৬/৭ টা
  • ৮/ তেজপাত ৪/৫ টা
  • ৯/ নিমখ, তেল, হাল্ধি সো‍ৱাদ অনুসৰি
  • ১০ চেনি এচামুচ

কেনেকৈ ৰান্ধিব লাগে ?

জলকীয়া কিটাৰ সৈতে পটাত মিহিকৈ বাঁটি ল’ব। পিঁয়াজ, আদাখিনিও নিহিকৈ বাঁটিব। পিঁয়াজ, আদা, জলকীয়া বাঁটি বেলেগে থ’ব লাগে। তেজপাতখিনি ধুই থ’ব। আলুগুটিখিনিৰ বাকলি গুচাই দুই চাৰি চকল কৰি কাটি ধুই থ’ব।

ইলিহি মাছ বাকলি আৰু পেটু গুচাই ধুই, খুতুৰা খুতুৰ কৰি কুটি ল’ব। মাছৰ চকলবোৰ ডাঙৰ কৰিব। আন মাছৰ দৰে, ইলীহি মাছ কুটি ধুব নালাগে। হালধি, জীৰা, ধনিয়া, জালুক, জলকীয়া, লং, ডালচেনি, এলাচি আৰু অলপ জাইফল বাটি বেলেগ বেলেগকৈ থ’ব। সৰিয়হ অলপো বাটি ল’ব।

এটা মাছত ৩০ গ্ৰামমান সৰিয়হ লাগে। আলু গুটি বাকলি গুচাই, দুফাল-তিনিফাল কৰি কুটি ল’ব। আলু গুটি নহ’লে মাছৰ লগত মিলা আন কোনো পাচলি দিব। মাছখিনিত অলপ লোণ আৰু হালধি সানি ল’ব। কেৰাহিত অলপ বেছিকৈ তেল পকাব। তেল পকিলে, কেইটামান মেথি গুটি ফুটাই চাব। মেথি গুটিখিনি ক’লা বৰণ ধৰিলে, নিমখ সানি থোৱা মাছখিনি একেবাৰতে ৪।৫ চকল কৰি ভাজিব। অলপ ৰঙা বৰণ ধৰিলে কাঢ়ি থ’ব।

এইদৰে আটাইখিনি মাছ ৪। ৫ চকল কৰি ভাজিব। আকৌ কেৰাহিখন ভালকৈ ধুই তেল দিব। তেল পকিলে, কেইফুটা মান পিঁয়াজ বাটি তেলত দিব। বাটি থোৱা হালধি, জীৰা, ধনিয়া, জালুক, জলকীয়া, আৰু সৰিয়হখিনি তেলত দি লৰাই-চৰাই দিব। চাৰি-পাঁচ খিলামান তেজপাতো দিব। মছলাখিনি অলপ ভাজ খোৱা যেন দেখিলে, আলু খিনি বহাই দিব। আন্দাজ কৰি নিমখ দি, অলপ লৰাই দি ঢাকি দিব।

জুই কমাই দিব। পাচলিখিনি সিজা যেন দেখিলে, ঢাকন উদঙাই আকৌ লৰাই দিব। আলু ভালকৈ সিজিল , আন্দাজ কৰি গৰম পানী দি জুই খুব জ্বলাই দিব। আঞ্জাখিনি যেতিয়া ভালকৈ উতলিব, তেতিয়া ভাজি থোৱা মাছখিনি আঞ্জাত দিব। আঞ্জাখিনি উতলি উতলি ঘন হ’লে, বাটি থোৱা গৰম মছলাখিনি দি অলপ লৰাই, ঢাকন মাৰি নমাই থ’ব। ইলিহি মাছৰ এক ৰকম আঁহীয়া গোন্ধ আছে। বটা সৰিয়হ দিলে, সেই গোন্ধ নাইকিয়া হয়, আৰু খাবলৈকো ভাল হয়।

লগতে আৰু এনেকুৱা টিপছ সমূহ পাবলৈ আমাৰ ৱেবছাইট AssameseCurry.com ৰ লগত থাকক ।

Leave a Comment