আমি বিভিন্ন সময়ত বিভিন্ন পিটিকা বনাও, আপুনি কেতিয়াবা মাংসৰ পিটিকা খাইছেনে ? যদি খোৱা নাই তেনেহলে আজি আমি এই আর্টিকেলটোৰ জৰিয়তে আপোনাক জনাম মাংসৰ পিটিকা কেনেকৈ বনাব লাগে। আহো তেনেহলে সম্পূর্ণ পঢ়ক –
কি কি লাগিব ?
- মাংস ৩০০ গ্রাম
- পিঁয়াজ কটা ১ কাপ
- বিলাহি চচ ১ চামুচ
- হাল্ধি গুড়ি আধা চামুচ
- জলকীয়া গুড়ি এক চামুচ
- ধনীয়া গুড়ি আধা চামুচ
- জিৰা গুড়ি আধা চামুচ
- গৰম মছলা গুড়ি আধা চামুচ
- নহৰু পেষ্ট আধা চামুচ
- আদা পেষ্ট আধা চামুচ
- নিমখ সোৱাদ অনুসৰি
- সৰিয়হৰ তেল দু চামুচ
- আধা কাপ কটা ধনীয়া পাত
- দুইৰ পৰা তিনিটা সেউজীয়া জলকীয়া
- দুইৰ পৰা তিনিটা শুকান ৰঙা জলকীয়া
কেনেকৈ বনাব লাগিব ?
মাংসখিনি ভালদৰে ধুই ল’ব লাগে। মাংসৰ লগত সকলো উপাদান মিহলাই অলপ সময় মেৰিনেট কৰি ল’ব। মেৰিনেট কৰা মাংসখিনি অভেনত অলপ পানী দি থৈ দিব। কম জুইত ৰান্ধিব। মাংস সিজালৈকে অপেক্ষা কৰক। মাংসখিনি সম্পূৰ্ণ সিজাই লোৱাৰ পিছত পানীখিনি উলিয়াই ব্লেণ্ডাৰত মিহলাই দিব। এতিয়া চৌকাত আন এটা পাত্ৰ দি মাংসখিনি তেলত লাহেকৈ ভাজিব। তাৰ পাছত পিয়াঁজ, জলকীয়া আৰু ধনীয়া পাতবোৰ ভজা মাংসৰ লগত ভালদৰে পিহি লওক। সৰিয়হ তেল দি আকৌ গুড়ি কৰি লওক। মাংস ভৰোৱা ৰেডি হ’লে। গৰম ভাত বা পোলাৱাৰ সৈতে পৰিবেশন কৰক।