ঘৰতে ছানাৰ ৰসগোল্লা বনোৱাৰ উপায় !

ৰসগোল্লাৰ নাম শুনিলেই কিছুমানৰ মুখত পানী ওলায়, ৰসগোল্লা প্রায় সকলোৱে খাই ভাল পায় ! সেই বাবে আজি আমি এই আর্টিকেলটোত কথা পাতিম কেনেকৈ আপুনি ঘৰতে ৰসগোল্লা বনাব পাৰিব। আহক তেনেহলে আলোচনা কৰোঁ –

ৰসগোল্লা বনাবলৈ কি কি লাগিব !

  • ১ কিলোমান ছানা
  • ১ কিলোমান চেনি
  • পানী
  • সৰু এলাচি
  • আতৰ
  • সোৱাদ অনুসৰি নিমখ

কেনেকৈ বনাব লাগে !

এক কিলোমান ছানা, কাপোৰত বান্ধি চেকি, গধুৰ বোজা দি হেঁচি, পানী নাইকিয়া কৰি ল’ব। ছানাখিনি মিহিকৈ পটাত বাটিব। ১ কিলোমান ভাল বগা চেনি, ৭৫০ মিলি লিটাৰমান পানীত উৰহাই, চেনিপানী তৈয়াৰ কৰিব। ছানাৰ লগত কেইটামান সৰু এলাচি গুটি আৰু অলপ আতৰ মিহলাব। ছানাখিনি ময়দাৰ দৰে ভালকৈ মাৰি, সৰু সৰু মিঠৈ তৈয়াৰ কৰিব।

প্রত্যেক মিঠৈটোৰ ভিতৰত অলপ ডাঠ ক্ষীৰ সুমুৱাই দিব। চৌকাত কেৰাহি বহুৱাই দি, চেনি-পানীখিনি ঢালি দিব। কেৰাহিৰ তলত অলপ নিয়মীয়াকৈ জুই দিব। চেনি-পানী যেতিয়া খুব উতলিব, তেতিয়া ছানাৰ মিঠৈ খিনি এটা এটাকৈ দি দিব। মাজে মাজে, অলপ এঁৱা গাখীৰৰ লগত পানী মিহলাই ছটিয়াই থাকিব। মিঠৈখিনি যেতিয়া উতলি থকা চেনি-পানীত ডুবি যাব,

তেতিয়া কেৰাহিখন নমাই থ’ব। অন্ততঃ দহ-বাৰ ঘন্টামান, ৰসগোল্লাখিনি চেনিৰ ৰসত ৰাখিলেহে, চেনিৰ ৰস ৰসগোল্লাৰ ভিতৰলৈ ভালকৈ সোমাব পাৰে। তেতিয়াহে ৰসগোল্লা খাবলৈ ভাল হয়।

কিছু বিশেষ টিপছ

  • ছানাৰ লগত পানী থাকিলে ছানাৰ মিঠৈবোৰ ভাগি যাব।
  • আপুনি ইচ্ছা কৰিলে চেনি অলপ কম-বেছি কৰিব পাৰিব।

লগতে আৰু এনেকুৱা টিপছ সমূহ পাবলৈ আমাৰ ৱেবছাইট AssameseCurry.com ৰ লগত থাকক ।

Leave a Comment