লাড়ু ভাল নোপোৱা মানুহ বহুত কমেই আছে, সকলোৱে লাড়ু ভাল পায় ! সেই বাবে আজিৰ এই আর্টিকেলটোত কথা পাতিম কেনেকৈ মুৰি লাড়ু বনাব লাগে, জানিবলৈ সম্পূর্ণ পঢ়ক –
লাড়ু বনাবলৈ কি কি লাগিব !
- মুৰি
- গুড়
- গাখীৰ
- নিমখ সোৱাদ অনুসৰি
কেনেকৈ বনাব লাগে !
মুৰিখিনি ভালকৈ চালি বালিবোৰ গুচাই ল’ব। মুৰিৰ আন্দাজ কৰি অলপ গুড় কাহিত উতলাব। গুড়খিনি গলি জুলীয়া হ’লেই, কেৰাহিখন নমাই গুড়ৰ লগত মুৰিখিনি ভালকৈ সানিব। অলপ চেঁচা হ’লে, এৱাঁ গাখীৰত হাত তিয়াই, মুৰিখিনি লাডু বন্ধিব। মুৰিৰ লাড়ু, দুই-তিনি দিনলৈকে খাব পাৰি। তাতকৈ বেছি দিন থাকিলে খবলৈ বেয়া হয়। সৰু ল’ৰা-ছোৱালীৰ, ই এটা বৰ প্ৰিয় খাদ্য।