সন্দেশ খাই ভাল নাপায় এনেকুৱা মানুহ হয়তো বহুত কমেই উলাব, সকলোৰে প্রিয় খাদ্য হৈছে সন্দেশ ! আজি আমি এই আর্টিকেলটোত কথা পাতিম গুড়ৰ সন্দেশ কেনেকৈ বনাব লাগে অতি সহজ পদ্ধতিৰে । আহক তেনেহলে জানো –
গুড়ৰ সন্দেশ বনাবলৈ কি কি লাগিব !
- বগা গুড় ৭০০ গ্রাম
- ৫০০ গ্রাম ছানা
- ২৫০ গ্রাম বাদাম
- পেস্তা আধা
- চেনি
- সৰা এলাচি
কেনেকৈ বনাব লাগে !
ভাল বগা গুড় ৭০০ গ্রামমান ল’ব। তাৰ লগত ৫০০ গ্রামমান ছানা মিহিকৈ বাটি, মিহলি কৰিব। আধা পোৱামান বাদাম আৰু পেস্তা আধা বটা কৰি ল’ব। চৌকাত কেৰাহি তুলি দি গুড় আৰু ছানাখিনি দিব। অলপ অলপকৈ জুই দিব। বাদাম আৰু পেস্তাখিনিও গুড় আৰু ছানাৰ লগত মিহলাই দিব। টাৰু মাৰিৰে খুব ঘুঁটি থাকিব।
গুড় আৰু ছানা গলি একেলগ হ’লে, আধা পোৱামান ঘন চেনি-পানী ঢালি দিব আৰু ঘুঁটি থাকিব। বক্ বক্ কৰে উতল ধৰি অলপ ঘন হোৱা দেখিলেই, ক্ৰোহিখন চৌকাৰ পৰা নমাই ল’ব আৰু ঘুঁটি থাকিব। চেঁচা হ’লৈ, হাতেৰে ইচ্ছা অনুসৰি গোটা বা চেপেটা সন্দেশ তৈয়াৰ কৰিব। পেস্তা বা বাদাম নিদি, সৰু এলাচি গুটি অলপ বাটি দিলেও সন্দেশৰ বৰ ভাল গোন্ধ ওলায়।
লগতে আৰু এনেকুৱা টিপছ সমূহ পাবলৈ আমাৰ ৱেবছাইট AssameseCurry.com ৰ লগত থাকক ।