তিলৰ লাৰু কেনেকৈ বনাব !

খাদ্যৰ ভিতৰত লাৰু অন্যতম। লাৰু আমি ঘৰতে বনাই বহুদিন ৰাখিব পাৰো, এই লাৰু বিভিন্ন সামগ্ৰীৰে বনাব পাৰি। বিশেষকৈ বিভিন্ন উৎসৱত এই তিলৰ লাৰু ব্যৱহাৰ কৰা হয়। অতি সহজ আপুনি ঘৰতে তিলৰ লাৰু বনাব পাৰিব। ৰেচিপিটোলৈ যাওঁ আহক –

তিলৰ লাৰু বনাবলৈ কি কি লাগিব !

  • তিল ২০০ গ্রাম
  • গুড় ২০০ গ্রাম
  • পানী ১/২ কাপ
  • ঘিউ ১ চামুচ

এনেকৈ বনাওক !

প্ৰথমে তিলবোৰ পৰিষ্কাৰ কৰি লওক। তাৰ পিছত ভাজিব। এতিয়া এটা পাত্ৰত গুড় আৰু পানী দি ভালদৰে মিহলাই জুই লগাই দিয়ক। যেতিয়া দেখিব ঘুড় আঠাযুক্ত হৈছে তেতিয়া তিলখিনি তাত ডালি দিয়ক, ডালি দি লৰাই থাকক, কিছু সময় পিছত উঠাই লাৰু বনাওক।

লগতে আৰু এনেকুৱা টিপছ সমূহ পাবলৈ আমাৰ ৱেবছাইট AssameseCurry.com ৰ লগত থাকক ।

Leave a Comment