আমি বিভিন্ন ধৰণৰ চাটনি খাই ভাল পাও, কিন্তু আজি এই আর্টিকেলটো লিখিম পদিনাৰ চাটনি অতি সহজতে কেনেকৈ বনাব পাৰি সেইটোৰ বিষয়ে লিখিম, আপুনি যদি সম্পূর্ণ পঢ়ে তেনেহলে আপুনি অতি সহজে পদিনাৰ চাটনি বনাব পাৰিব –
চাটনি বনাবলৈ কি কি লাগিব !
- পদিনাৰ কোমল পাত
- পকা জলকীয়া
- এফুটমান পিঁয়াজ
- অলপ আমটেঙা / তেঁতিলি টেঙা
- সোৱাদ অনুসৰি নিমখ
- চেনি
কেনেকৈ বনাব !
পদিনাৰ কোমল কোমল আগ বা পাত মিহিকৈ বাটিব । কেইটামান পকা জলকীয়া, এফুটামান পিঁয়াজ, অলপ আমটেঙা বা তেঁতেলি টেঙা মিহিকৈ বাটি পদিনাৰ লগত মিহলাব। অলপ নিমখ দিব। আটাইখিনি মিহলাই, পটাত আকৌ বাটিব। যেতিয়া খুব মিহি হ’ব, তেতিয়া অলপ চেনি মিহলাই খাবলৈ দিব ।
লগতে আৰু এনেকুৱা টিপছ সমূহ পাবলৈ আমাৰ ৱেবছাইট AssameseCurry.com ৰ লগত থাকক ।