মচুৰ দাইলৰ পকৰি দি টেঙা জোল

পকৰি খাই ভাল পায় সকলোৱে, কিন্তু মচুৰ দাইলৰ পকৰি দি টেঙা জোল খাইছেনে ! যদি খোৱা নাই তেনেহলে আজি শিলি লওক কেনেকৈ মচুৰ দাইলৰ পকৰি দি টেঙা জোল বনাব লাগে, এই আর্টিকেলটো সম্পূর্ণ পঢ়িলে আপুনি অতি সহজেই বনাব পাৰিব –

মচুৰ দাইলৰ পকৰি দি টেঙা জোল বনাবলৈ কি কি লাগিব !

  • মচুৰ দাইল ১০০ গ্ৰাম
  • ঢেকীয়া শাক ১০ ডাল
  • বিলাহী ৪ টা
  • আলু ১ টা
  • মিঠাতেল দুই হেতা
  • তেতেলি নাইবা শুকান থেকেৰা অলপ
  • গুড় ১ চামুচ
  • নিমখ, হালধি সোৱাদ অনুসৰি
  • মেথিগুটি ১ চামুচ

কেনেকৈ বনাব !

ঢেকীয়া শাকৰ কোমল আগকেইটা হাতেৰে চিঙি ল’ব। নিজৰ জোখমতে তেতেলি নাইবা থেকেৰা পানীত তিয়াই থ’ব । মচুৰ দাইলখিনি আধাঘণ্টামান সময় পানীত তিয়াই কোমল হ’লে পেষ্ট বনাই ল’ব । বিলাহী আৰু আলু কাটি কুকাৰত সিজাই ল’ব । বতৰৰ বিলাহী নিসিজালেও হয় । কিন্তু আবতৰীয়া বিলাহী কেৱল ভাজিলে ভালদৰে নিসিজে । সেয়ে অলপ সিজাই ল’ব লাগে।

দাইলৰ পেষ্টখিনিত জোখমতে নিমখ, হালধি সানি মিঠাতেলত সৰু সৰুকৈ বড়া ভাজি উঠাই থ’ব। তৰকাৰীত দিয়াৰ পাছত বড়াকেইটা ফুলি ডাঙৰ হৈ পৰিব। সেই তেলতে মেথিগুটি ফোৰণ দি ঢেকীয়াখিনি ভাজিব। ঢেকীয়াৰ পানী শুকাই আহিলে সিজাই লোৱা আলু বিলাহী দি জোখমতে নিমখ, হালধি আৰু গুড় দিব। পাঁচ মিনিটমান ভাজি দুগিলাচ গৰম পানী দি উতলিবলৈ দিব।

দাইলৰ বড়া আৰু টেঙাখিনি দি নমাই থ’ব। ধনীয়া শাক থাকিলে দিব পাৰে। গৰমত ভাতৰ লগত এইখন টেঙা জোল খাই বৰ জুতি পাব।

লগতে আৰু এনেকুৱা টিপছ সমূহ পাবলৈ আমাৰ ৱেবছাইট AssameseCurry.com ৰ লগত থাকক ।

Leave a Comment