চাহ বনোৱাৰ চিক্রেট মছলা কেনেকৈ বনাব !

আমাৰ অসম চাহৰ বাবে বিখ্যাত, আমি সকলোৱে চাহ খাবলেৈ ভাল পাও । যেতিয়া আমি কোনো দকানত চাহ খাও তেতিয়া বহুত ভাল লাগে, কিন্তু আমি ঘৰতে বনোৱা চাহ ইমান ভাল নালাগে। কাৰণ কিছুমান দকানত এনে কিছু চিক্রেট মছলা ব্য‍ৱহাৰ কৰে যিটো আমি নাজানো, সেই বাবে আজি আপোনালোৰ বাবে লৈ আহিছো সেই চিক্রেট মছলা বনোৱাৰ উপায়। সেই বাবে এই আর্টিকেলটো সম্পূর্ণ পঢ়িব –

চাহ বনোৱাৰ চিক্রেট মছলা বনাবলৈ কি কি লাগিব !

ইয়াত দিয়া মছলাৰ পৰিমাণেৰে ১০-১২ বাৰ চাহ বনাব পাৰিব।

  • সৰু ইলাচি ১০ গ্রাম
  • লঙ ৫ গ্রাম
  • দালচেনি ৮ গ্রাম
  • তাৰা মৌৰি ১ টা
  • মৌৰি ৫ গ্রাম

চিক্রেট মছলা কেনেকৈ বনাব !

গেছত কেৰাহী বা প্লেট এখন গৰম কৰক। তাৰ পিছত জুই কমাই তাত ১০ গ্ৰাম সৰু ইলাচি, ৫ গ্ৰাম লঙ, দালচেনি ৮ গ্রাম, তাৰা মৌৰি ১ টা, মৌৰি ৫ গ্রাম, দিব। এমিনিটমান লৰাই গেছ বন্ধ কৰি দিব। কেৰাহীত আৰু দুমিনিটমান লৰাই থাকিব। তাৰ পিছত এখন প্লেটত ৰাখি ঠাণ্ডা কৰি ল’ব। ঠাণ্ডা হ’লে মিক্সাৰত পিহি ল’ব। এতিয়া সাজু হৈছে চাহৰ চিক্রেট মছলা। এই মছলা কাঁচৰ বাচনত ৰাখিব লাগে। কাঁচৰ বাচনত ৰাখিলে এমাহৰ পৰা দুমাহ পিছতো ব্যৱহাৰ কৰিব পাৰিব।

লগতে আৰু এনেকুৱা টিপছ সমূহ পাবলৈ আমাৰ ৱেবছাইট AssameseCurry.com ৰ লগত থাকক ।

Leave a Comment