সকলো সময়ত এক ধৰণৰ খানা ভাল নালাগে, কেতিয়াবা মন যায় কিবা বেলেগ খাবলৈ ! আমি AssameseCurry.com ৰ জৰিয়তে বিভিন্ন সময়ত বিভিন্ন ৰেচিপি লৈ আহো । ঠিক সেই দৰে আজি লৈ আহিছো ঘৰতে বহি মছলা দোচা কেনেকৈ বনাব ! শিকিবলৈ এই আর্টিকেলটো সম্পূর্ণ পঢ়িব –
মছলা দোচা বনাবলৈ কি কি লাগিব !
- ১/ উখোৱা চাউল -৩ কাপ
- ২/ উৰদ দাইল ( বাকলি নথকা মাটিমাহ )-১ কাপ
- ৩/ মেথিগুটি -১ চামুচ
- ৪/ চিৰা -১ কাপ
কেনেকৈ বনাব লাগে !
চিৰাৰ বাহিৰে বাকী উপকৰণ কেইটা ৬ /৭ ঘন্টা তিয়াই থব । পিছত চিৰা আধা ঘণ্টা তিয়াই লৈ আটাইবোৰ একেলগে মিক্সিত পেষ্ট বনাই পানী মিহলাই এটা ঘোল তৈয়াৰ কৰি ল’ব । ঘোলটো বেছি পাতল নাইবা বেছি ডাঠ নকৰিব । ঘোলটো ফাৰমেন্ট হ’বলৈ ১২ ঘন্টামান থৈ দিব । গৰমৰ দিনত সাতঘণ্টামান থ’লেই হ’ব ।
গেছ বঢ়াই টাৱা গৰম কৰি অকণমান পানী চটিয়াই শুকান কাপোৰেৰে মোহাৰি লৈ ঘোল দুই হেতা দি হেতাখনেৰেই ঘূৰাই বহলাই দিব, আৰু জুই মধ্যমীয়াতকৈ সামান্য কমাই দি ওপৰফালে শুকাই আহিলে তেল কম পৰিমাণে দিব, যেতিয়া অকণমান ৰঙচুৱা হৈ পৰিব লাহেকৈ ভিতৰত মছলা দি পকাই নমাই থ’ব ।
মছলাৰ বাবে
ডাঙৰ আলু পাঁচটা সিজাই ল’ব। বিলাহী এটা মিহিকৈ কুটি ল’ব । কেৰাহীত ৰিফাইন তেল গৰম কৰি সৰিয়হ, শুকান জলকীয়া আৰু একচামুচ বগা মাটি দাইলেৰে ফোৰণ মাৰি মিহিকৈ কুটা কেঁচা জলকীয়া, পিয়াঁজ আৰু নৰসিংহ পাত ভাজি লৈ আলুখিনি ভাঙি ৰঙচুৱা হোৱাকৈ ভাজি কাঢ়ি থব। সম্বৰ আৰু নাৰিকলৰ চাটনিৰ সৈতে পৰিবেশন কৰিব।
লগতে আৰু এনেকুৱা টিপছ সমূহ পাবলৈ আমাৰ ৱেবছাইট AssameseCurry.com ৰ লগত থাকক ।