পানীৰ পিয়াহ দূৰ কৰিবলৈ আমি বিভিন্ন সময়ত 7UP, Coco Cola আদি খাও, কিন্তু সেয়া কিমান স্বাস্থ্যসন্মত ! তাৰ বিপৰীতে যদি আপুনি খেজুৰ-বাদামৰ যোচ খায় তেনেহলে আপোনাৰ শৰীৰত বহুত শক্তিশালী অনুভৱ কৰিব । আহক তেনেহলে কথা পাতো কেনেকৈ খেজুৰ-বাদামৰ যোচ কেনেকৈ বনাব –
খেজুৰ-বাদামৰ যোচ বনাবলৈ কি কি লাগিব !
- খেজুৰ আদা কাপ
- বাদাম আদা কাপ
- গাখিৰ ২ কাপ
- চেনি সোৱাদ অনুসৰি
- কিচমিচ ২ চা চামুচ
- পানী পৰিমান মতে
কেনেকৈ বনাব !

খেজুৰ ভালকৈ ধুব লাগিব, তাৰ পাছত খেজুৰৰ গোটি উলিয়াই ভালকৈ কাটি লওক। তাৰ পাছত কিছু সময় পানীত সিজাই ৰাখক, তাৰ পাছত সকলো বস্তু একেলগে মিহলাই ব্লেন্ডাৰ মেচিনত দি ভালকৈ ব্লেন্ড কৰি ল’ব। খোৱাৰ আগতে অলপ বৰফ দি খাব, তেনেহলে সোৱাদ আৰু বাঢ়ি যাব।
লগতে আৰু এনেকুৱা টিপছ সমূহ পাবলৈ আমাৰ ৱেবছাইট AssameseCurry.com ৰ লগত থাকক ।