ঘৰতে মোৰব্বা বনোৱাৰ সহজ উপায় !

নিশ্চয় বহুতে মোৰব্বা খাই ভাল পায় ! কিন্তু আজিকালি সদায় উপলব্ধ নহয় এই মোৰব্বা। আগতে বহুত পোৱা গৈছিল এই মোৰব্বা। এতিয়া এইবোৰ বনোৱাৰ সময় ক’ত ! কিন্তু যদি কোনোবাই বনাব বিচাৰে তেন্তে মই আপোনালোকৰ লগত এটা অতি সহজ পদ্ধতি শ্বেয়াৰ কৰিম। ৰ’দত নোযোৱাকৈ ঘৰৰ ভিতৰত থাকি দুদিনত মোৰব্বা বনাব পাৰিব। মোৰব্বা বনাব পৰা সহজ উপায়টো চাওঁ আহক –

মোৰব্বা বনোৱাৰ বাবে কি কি লাগিব !

  • কমোৰা ২ কিলো
  • চেনি ১ কিলো
  • চুন ২ চামুচ

মোৰব্বা বনোৱাৰ সহজ পদ্ধতি হৈছে !

কমোৰা আধা কাটি লওক। এতিয়া মাজৰ অংশটো কাটি পেলাই দিয়ক। কিন্তু চাইডৰ অংশৰ প্ৰয়োজন হ’ব। ঠিক যেনেকৈ ওপৰৰ ১ নম্বৰ ছবিত দেখিছে। খোলা পেলাই বৰ্গক্ষেত্ৰত কাটি লওক। খোলা থাকিব নালাগে। এতিয়া এটা ডাঙৰ বাটিত পানী লৈ তাত দুচামুচ চূণ মিহলাই লওক। এই পানীত কমোৰাৰ ডুবাই ১২ ঘন্টা ৰাখিব।

১২ ঘণ্টাৰ পিছত চূণৰ পানীখিনি নিষ্কাশন কৰি কমোৰাখিনি ভালদৰে ধুই পেলাব লাগগিব। এতিয়া গেছৰ ওপৰত এটা ডাঙৰ পাত্ৰত পানী দি পানীখিনি উতলাই লওক। পানী উতলিলে তাত কমোৰা ২০ মিনিট উতলাই ল’ব। তাৰ পিছত পানীৰ পৰা উলিয়াই এটা পাত্রত থৈ পানীখিনি নিষ্কাশন কৰিব লাগিব।

এটা ডাঙৰ চচ পেন লৈ তাত এক কিলো চেনি দিব। আৰু লগে লগে দুই-তিনি গিলাচ পানী মিহলাই দিব। পানী উতলিলে তাত কমোৰা দিব। চেনিৰ চিৰাপ ১০ৰ পৰা ২০ মিনিট উতলাই লওক। তাৰ পিছত এই পাত্ৰটো আৰু ১২ ঘণ্টা নমাই ৰাখিব। ১২ ঘণ্টাৰ পিছত পুনৰ গেছত ১০ৰ পৰা ১৫ মিনিট উতলাওক। তাৰ পিছত তাৰ পৰা এটা এটাকৈ কমোৰাৰ মোৰব্বা লৈ ৪ নম্বৰ ছবিৰ দৰে গ্ৰীডত থৈ দিব। ফেনৰ তলত ৪ ঘণ্টা ৰাখিলে মোৰব্বা ৰেডি হৈ যাব।

লগতে আৰু এনেকুৱা টিপছ সমূহ পাবলৈ আমাৰ ৱেবছাইট AssameseCurry.com ৰ লগত থাকক ।

Leave a Comment