বাচন-বর্তনৰ পোৰা দাগ আঁতৰোৱা ইমান সহজ কথা নহয়, বাচন-বর্তনৰ পোৰা দাগ আঁতৰাবলৈ বহুত সময় লাগে। কিন্তু আজি আমি এই আর্টিকেলটোত কথা পাতিম অতি কম সময়ৰ ভিতৰত কেনেকৈ বাচন-বর্তন পৰা পোৰা দাগ আঁতৰাব পাৰি, আহক সম্পূর্ণ পঢ়ো –
বাচনত পোৰা দাগ আঁতৰাবলৈ কি লাগিব ?
- এচামুচ বেকিং চ’ডা
- ডিচ ওয়াছ আধা চামুচ
- এগিলাচ পানী
বাচনত পোৰা দাগ কেনেকৈ আঁতৰাব পাৰি ?
জ্বলি যোৱা পাত্ৰটোত এগিলাচ পানী ভৰাই দিব লাগে। আক্ৰান্ত অংশ পানী ঢাকি দিব লাগে। এতিয়া এই বাটিটো কম জুইত গেছৰ ওপৰত ৰাখক। তাত এচামুচ বেকিং চ’ডা দিব। আৰু ডিচ ওয়াছ আধা চামুচ। মধ্যমীয়া জুইত ৫ মিনিট পানী উতলাই ল’ব। তাৰ পিছত গেছ বন্ধ কৰি ৫ মিনিট ৰাখিব। পাঁচ মিনিটৰ পিছত গৰম পানীখিনি এটা বাটিত ঢালি দিব। ঢালি থাকোঁতে আধা জ্বলা পানী ওলাই অহা দেখিব।
এতিয়া চামুচ এখন লৈ বাটিটোৰ পোৰা দাগবোৰত থৈ দিব, সকলো জ্বলা দাগ মলাইৰ দৰে ওলাই আহিব। চামুচেৰে লাহে লাহে ঘঁহিলে দাগটো আঁতৰি যাব। এতিয়া পানীৰে ধুই চাওক যে কোনো দাগ নাই। জ্বলি থকা গোন্ধটোও নাইকিয়া হৈছে। বাটিটো নতুনৰ দৰে জিলিকি উঠিব।