কম সময়ত বাচন-বৰ্তন কেনেকৈ চাফা কৰিব !

বন্ধু-বান্ধৱী সকল আমাৰ সকলোৰে ঘৰত বাচন-বৰ্তন আছে, আৰু সেয়া চাফা কৰিব লাগে । চাফা নকৰিলে দেখাত বেয়া লাগে, কিন্তু চাফা কৰোতে সময়ো বহুত লাগে, আজি আমি এই আর্টিকেলটোত কথা পাতিম কেনেকৈ অতি সহজে কম সময়ৰ ভিতৰত বাচন-বৰ্তন চাফা কেনেকৈ কৰিব, আহত তেনেহলে সম্পূর্ণ পঢ়ো –

কম সময়ত বাচন-বৰ্তন পৰিষ্কাৰ কৰিবলৈ কি লাগে ?

  • আধা চামুচ নেমুৰ ৰস
  • আধা চামুচ বগা নিমখ
  • আধা চামুচ ভিনেগাৰ
  • স্কচবাইট

বাচন-বৰ্তন কেনেকৈ পৰিষ্কাৰ কৰিব ?

প্ৰথমে আপুনি পৰিষ্কাৰ কৰিব বিচৰা পাত্ৰটো কাপোৰেৰে পৰিষ্কাৰ কৰক। এতিয়া তাৰ ওপৰত ভালদৰে ভিনেগাৰ লগাওক। লগাই ১০ মিনিটৰ বাবে থৈ দিব। দহ মিনিটৰ পিছত স্কচবাইটৰ সৈতে জুতি লওক। আপুনি দেখিব যে দুমিনিটৰ ভিতৰতে মলিৰ দাগটো পাতল হৈ পৰিছে। এতিয়া নেমুৰ ৰস আৰু নিমখ একেলগে মিহলাই Scotchbite ৰ লগত লগাওক। লগাই লাহে লাহে ঘঁহিব। পাঁচ মিনিটৰ ভিতৰতে দাগটো নোহোৱা হৈ জিলিকি উঠিব। পৰিষ্কাৰ পানীৰে ধুই মচি পেলাব লাগে। ইয়াতকৈ সহজ কি হ’ব পাৰে ! আপুনি কিবা টিপছ জানিলে কমেন্ট কৰিব।

Leave a Comment