ঘৰতে বনোৱা এই গ্ৰেভি মছলাৰে আপুনি ৫০ বিধ তৰকাৰী বনাব পাৰে !

শিৰোনামটো পঢ়ি নিশ্চয় আচৰিত হৈছিল। এই গ্ৰেভি মছলা ঘৰতে বনাই ৫০ বিধ খাদ্য বনাব পাৰিব। গ্ৰেভিৰ সৈতে যিকোনো তৰকাৰীৰ পৰা আৰম্ভ কৰি দুপৰীয়াৰ জলপানলৈকে এই মছলা সকলোতে ব্যৱহাৰ কৰিব পাৰি। আৰু কথা নাপাতি চাওঁ কেনেকৈ বনাব পাৰি।

গ্ৰেভি মাছালা বনাবলৈ কি প্ৰয়োজন হ’ব ?

  • ১/ কাজু বাদাম ১৫ টা
  • ২/ তেজপাত ৩ টা
  • ৩/ ইলাচি ৫ টা
  • ৪/ ক’লা ইলাচি ১ টা
  • ৫/ দালচেনি ১ টা\
  • ৬/ লং ৫ টা
  • ৭/ গোটা জলকীয়া ১৫ টা
  • ৮/ গোটা জিৰা দিব ১ চামুচ
  • ৯/ ড়ি গাখীৰ ১.১/২ চামুচ
  • ১০/ আদাৰ গুড়ি ১.১/২ চামুচ
  • ১১/ টমেটোৰ গুড়ি ৪ চামুচ
  • ১২/ জলকীয়া গুড়ি ৩ চামুচ
  • ১৩/ কছুৰী মেথি ২.১/২ চামুচ
  • ১৪/ ধনীয়া গুড়ি ৪ চামুচ
  • ১৫/ হাল্ধি ১ চামুচ
  • ১৬/ কাশ্মীৰী ৰেড চিলি পাউদাৰ ২ চামুচ
  • ১৭/ বিট নিমখ ১/২ চামুচ
  • ১৮/ এচামুচ বগা নিমখ
  • ১৯/ এচামুচ চেনি
  • ২০/ এক চামুচ ঘিউ

গ্ৰেভি মছালা কেনেকৈ বনাব ?

এই গ্ৰেভি মছলা বনাবলৈ মুঠ ২০ টা উপাদানৰ প্ৰয়োজন হয়। বনাই লোৱাৰ পিছত প্ৰায় ছমাহমান ফ্ৰীজত ৰাখিব পাৰি। গ্ৰেভিৰ দৰে সকলো ধৰণৰ খাদ্য বনাব পাৰি। ইয়াক পঞ্চাশটাতকৈও অধিক খাদ্যত ব্যৱহাৰ কৰিব পাৰি।

এই সমূহ পিহি এটা গুড়ি বনাই লওক। প্ৰস্তুত হ’লে কেৰাহীত এচামুচ ঘিউ গৰম কৰি এই প্ৰস্তুত কৰা মছলাটো এমিনিটৰ পৰা দুমিনিটলৈকে ৰোষ্ট কৰি ল’ব। তাৰ পিছত ঠাণ্ডা কৰি কাঁচৰ বটলত থৈ দিব। ফ্ৰীজত বহু সময় ৰাখিব। মাত্ৰ যিকোনো ৰন্ধনত ২ৰ পৰা ৩ চামুচ ব্যৱহাৰ কৰক ।

Leave a Comment