কম সময়তে বনাওক এই কণীৰ ৰেচিপি, পদ্ধতিটো শিকি লওক

ঘৰত বেছিকৈ ৰন্ধা-বঢ়া নকৰি, কণী ভাজিলে খাদ্যৰ প্ৰতি কাৰো আপত্তি নাথাকে, হঠাৎ কোনো আত্মীয় আহিলে ৰন্ধা-বঢ়াৰ বাবে ঘৰত কণী মজুত কৰি ৰখা হয়। গতিকে দৈনিক নতুনকৈ কণীৰ ৰন্ধা পদ্ধতি জানিবলৈ সকলোৱে আগ্ৰহী। আজি আপোনালোকলৈ লৈ আহিছোঁ এটি সুস্বাদু কণীৰ ৰেচিপি। এই ৰেচিপিটোত বহুত উপাদানৰ প্ৰয়োজন নাই। অতি সোনকালে সাজু হয়। কণীৰ ৰেচিপি বনোৱা জানি লওক –

কি কি লাগিব ?

  • কণী
  • তেল
  • পিঁয়াজ
  • বিলাহি
  • নিমখ
  • ৰোষ্ট কৰা জিৰাৰ গুৰি
  • হাল্ধি গুৰি
  • কেচা জলকীয়া
  • ধনিয়া পাত
  • কাশ্মীৰী জলকীয়া গুৰি

কেনেকৈ বনাব ?

প্ৰথমে কণীবোৰ সিজাই অলপ কাটিব লাগে যাতে মছলাখিনি কণীবোৰত সহজে প্ৰৱেশ কৰিব পাৰে। এতিয়া কেৰাহীত তেল গৰম কৰি কটা পিঁয়াজ দি ৰঙাকৈ ভাজিব। পিঁয়াজ ভাজিলে কটা বিলাহি, অলপ নিমখ দি অলপ সময় ঢাকি দিব। বিলাহি গলিলে কাশ্মীৰী জলকীয়া গুৰি, ধনিয়া গুৰি, জিৰাৰ গুৰি, হাল্ধি গুৰি, সোৱাদ অনুসৰি নিমখ দি ভালদৰে পিহি ল’ব লাগে। এতিয়া অলপ পানীৰে ভালদৰে পিহি লওক।

মছলা ভালদৰে পিহিলে সিজোৱা কণীৰ লগত ভালদৰে লৰাই দিব লাগে। তাৰ পিছত কুটি লোৱা কেঁচা জলকীয়াখিনি মিহলাই কণীটো অলপ সময় ঢাকি দিব।

Leave a Comment