মাত্ৰ একাপ আটাৰে এই সোৱাদযুক্ত জলপান বনাওক, ৰেচিপিটো শিকি লওক

( Make this tasty snack with just a cup of flour, learn the recipe ) আজি মই আপোনালোকৰ বাবে এটা নতুন ৰেচিপি লৈ আহিছো। ৰাতিপুৱা বা দুপৰীয়া খাব পাৰে। ইয়াক বনাবলৈ বহুত উপাদানৰ প্ৰয়োজন নহয়। অতি সোৱাদযুক্ত আৰু খাবলৈ উপযোগী। দেখাত ইমান ধুনীয়া যে ল’ৰা-ছোৱালীয়ে খোৱাৰ সময়ত খাবলৈ আমনি নকৰে। কেনেকৈ বনাব লাগে জানি লওক –

সামগ্ৰীসমূহ

  • ১/ আটা
  • ২/ কণী
  • ৩/ কটা পিঁয়াজ
  • ৪/ বিলাহি টুকুৰা
  • ৫/ কেঁচা জলকীয়া টুকুৰা
  • ৬/ নিমখ
  • ৭/ চেনি
  • ৮/ বিলাহি চচ
  • ৯/ জলকীয়াৰ গুড়ি
  • ১০/কটা ধনীয়া

কেনেকৈ বনাব !

প্ৰথমে এটা বাটিত ১ কাপ আটা, ১টা কণী আৰু পানী মিহলাই এটা ভাল বেটাৰ বনাই দিব। বেটাৰটো অলপ পাতলকৈ গুটিয়াই লওক।

এতিয়া কটা পিঁয়াজ, কটা বিলাহী, কটা পিঁয়াজ, কটা সেউজীয়া জলকীয়া, কটা ধনীয়া, সোৱাদ অনুসৰি নিমখ, জলকীয়াৰ গুড়ি, চিলি ফ্লেক, চেনি, বিলাহি চচ দি ভালদৰে মিহলাই লওক। শাক-পাচলিবোৰ খুব সৰুকৈ কাটিব লাগে।

এতিয়া কেৰাহীত তেল অলপ ব্ৰাছ কৰি কম জুইত বেটাৰটো অলপ অলপকৈ ভাজিব। বেছি বেটাৰ দিব নালাগে। এই ৰুটিবোৰ বেছি ডাঠ হ’লে খাবলৈ ভাল নহয়। তাৰ পিছত ৰোলৰ আকৃতিত ঘূৰণীয়াকৈ সজাই বিলাহি চচৰ সৈতে পৰিবেশন কৰিব। এই খাদ্য সুস্বাদু। অতি কম তেল আৰু পুষ্টিকৰ উপাদানৰে বনোৱা এই খাদ্য শৰীৰৰ বাবেও স্বাস্থ্যকৰ।

2 thoughts on “মাত্ৰ একাপ আটাৰে এই সোৱাদযুক্ত জলপান বনাওক, ৰেচিপিটো শিকি লওক”

Leave a Comment