কল আৰু কণীৰ দি এই সুস্বাদু জলপান বনাওক, ৰেচিপিটো শিকিব

প্ৰতিদিনে ৰাতিপুৱা এটা সম্পূৰ্ণ আহাৰ খোৱাটো অতি প্ৰয়োজনীয়। ব্ৰেকফাষ্ট ঠিক নকৰিলে লাহে লাহে শৰীৰৰ ক্ষতি হ’ব। কিন্তু প্ৰতিদিনে একেখিনি খাদ্য দিলে খাবলৈ মন নাযায়। ব্ৰেকফাষ্ট খোৱাৰ ক্ষেত্ৰত প্ৰতিদিনে বিভিন্ন সমস্যাৰ সৃষ্টি হয়।

শিশুৰ দৈনন্দিন ভোক নুডলছ বা এনে খাদ্য প্ৰস্তুত কৰি খুৱাব লাগে। কিন্তু ঘৰৰ কনিষ্ঠ সদস্যসকলক স্বাস্থ্যসন্মত খাদ্য খুৱাই দিয়াটো অতি প্ৰয়োজনীয়। কিন্তু সিহঁতক খুৱাবলৈ বৰ কঠিন। সেই সমস্যাৰ সমাধান লৈ আজি আহিলোঁ। আজি “AssameseCurry,com” ৰ পেজত লৈ আহিছো এটা মজাৰ ৰেচিপি, যিটো অতি স্বাস্থ্যকৰ আৰু সোৱাদযুক্ত। কেনেকৈ বনাব লাগে জানি লওক –

কি কি লাগিব ?

  • কল (২টা)
  • কণী (২টা)
  • চেনি (আধা কাপ)
  • নিমখ
  • আটা (এক কাপ)
  • বেকিং পাউদাৰ (১ চামুচ)
  • তেল

বনোৱাৰ পদ্ধতিটো

প্ৰথমে এটা বাটিত ২ টা কণী, ২ টা কল, আধা কাপ চেনি, সোৱাদ অনুসৰি নিমখ লৈ একেলগে মিশ্ৰণ এটা বনাই লওক। তাৰ পিছত সেই মিশ্ৰণটোত একাপ আটা অলপ অলপকৈ বেটাৰ বনাব। সেই বেটাৰটোত বেকিং পাউদাৰ মিহলাই লওক।

এতিয়া এটা পাত্ৰত তেল গৰম কৰক (বহুত তেল দিব যাতে বলবোৰ ডুব যায়। কাৰণ বলবোৰ গভীৰ তেলত ভাজিব লাগে) বেটাৰটো অলপ অলপকৈ দি বলৰ আকৃতিত ২ টা পেটি ভাজিব। ভাজি থকাৰ সময়ত কম জুইত ভাজিব। নহ’লে ভিতৰত কেঁচা হৈ থাকিব।

2 thoughts on “কল আৰু কণীৰ দি এই সুস্বাদু জলপান বনাওক, ৰেচিপিটো শিকিব”

Leave a Comment